Original Quran size
কোৰআন কিতাপখন অধ্যয়ন কৰি থাকোঁতে বহুতো আয়াতৰ সন্মুখীন হ’লোঁ, য’ত এনেধৰণৰ বাক্যাংশ আছিল: ✔️"এইখনেই কোৰআন" (هَذَا الْقُرْآنَ)। মই আৱিষ্কাৰ কৰিলোঁ যে আটাইতকৈ প্ৰাচীন কোৰআনখন পোৱা গৈছিল ✔️সন্মানীয় ৰাছুলৰ মৃত্যুৰ কমেও প্ৰায় ২০০ বছৰৰ পিছৰ, ✔️যিখন বৰ্তমান ➡️কায়ৰোৰ আল-হুছেইন মছজিদত প্ৰদৰ্শিত হৈছে। চৰ্ম কাগজত(Parchment paper is a heat-resistant, silicone-coated paper used in cooking and baking to create a clean, non-stick surface) থকা এই কীৰ্তিচিহ্নস্বৰূপ কোৰান পাণ্ডুলিপিখনত গাঢ় বাদামী চিয়াঁহীৰে লিখা এটা সুগঠিত কুফিক লিপি । য'ত বিৰল স্বরচিহ্ন আৰু কোনো অলংকাৰ নাই। মুঠ পৃষ্ঠাৰ সংখ্যা ১০৮৭ টা। আকাৰ: ৫৭ চে.মি. x ৬৮ চে.মি. মুছহাফ [مصحف] ৰ উচ্চতা ৪০ চে.মি., আৰু ইয়াৰ ওজন ৮০ কিলোগ্ৰাম। বৰ্তমানৰ ফলিঅ’সমূহত কোৰআন কিতাপখনৰ ৯৯%তকৈ অধিক পাঠ আছে। ।।। তেতিয়া মই ভাবিবলৈ ধৰিলোঁ যে ইছলামৰ ৰাছুলে কিয় সেই শব্দবোৰ সঘনাই উচ্চাৰণ কৰিছিল, "এইটোৱেই কোৰআন - হাজল কোৰআন / هَذَا الْقُرْآنَ" (⚛️৬:১৯) (১২:৩) (১৭:৯) (১৭:৪১) (১৭:৮৮) (১৭:৮৯) (১৮:৫৪) (২৫:৩০) (২৭:৭৬) ...