আল্লাহ আমাৰ অন্তৰত আছে:
আল্লাহ আমাৰ অন্তৰত আছে:
৫০:১৬
وَلَقَدْ خَلَقْنَا الْإِنْسَانَ وَنَعْلَمُ مَا تُوَسْوِسُ بِهِ نَفْسُهُ ۖ وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنْ حَبْلِ الْوَرِيدِ
নিশ্চয় আমিয়েই মানুহক সৃষ্টি কৰিছোঁ আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু ➡️আমি তাৰ ঘাৰৰ ধমনীতকৈও(Jugular vein ) অধিক নিকটৱৰ্তী।⬅️
.
২:১৮৬
وَإِذَا سَأَلَكَ عِبَادِي عَنِّي فَإِنِّي قَرِيبٌ ۖ أُجِيبُ دَعْوَةَ الدَّاعِ إِذَا دَعَانِ ۖ فَلْيَسْتَجِيبُوا لِي وَلْيُؤْمِنُوا بِي لَعَلَّهُمْ يَرْشُدُونَ
আৰু মোৰ বান্দাসকলে যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় ➡️মই অতি ওচৰত আছোঁ।⬅️ মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰোঁ, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান পোষণ কৰে, যাতে সিহঁত সঠিক পথত পৰিচালিত হ’ব পাৰে।
.
৫৭:৪
هُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۚ يَعْلَمُ مَا يَلِجُ فِي الْأَرْضِ وَمَا يَخْرُجُ مِنْهَا وَمَا يَنْزِلُ مِنَ السَّمَاءِ وَمَا يَعْرُجُ فِيهَا ۖ وَهُوَ مَعَكُمْ أَيْنَ مَا كُنْتُمْ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ সেই সকলোবোৰ জানে যিবোৰ ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যিবোৰ ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ ➡️তোমালোকৰ লগত আছে,⬅️ আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
.
৮:২৪
يَا أَيُّهَا الَّذِينَ آمَنُوا اسْتَجِيبُوا لِلَّهِ وَلِلرَّسُولِ إِذَا دَعَاكُمْ لِمَا يُحْيِيكُمْ ۖ وَاعْلَمُوا أَنَّ اللَّهَ يَحُولُ بَيْنَ الْمَرْءِ وَقَلْبِهِ وَأَنَّهُ إِلَيْهِ تُحْشَرُونَ
হে মুমিনসকল! ৰাছুলে যেতিয়া তোমালোকক এনেকুৱা কোনো বিষয়ৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক জীৱন দান কৰিব, তেতিয়া তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিবা আৰু জানি থোৱা, নিশ্চয় ➡️মানুহৰ আৰু তাৰ হৃদয়ৰ(قَلْبِهِ) মাজত আল্লাহ আহি যায়।⬅️ নিশ্চয় তেওঁৰ পিনেই তোমালোকক একত্ৰিত কৰা হ’ব।
.
Analytical Quran Studies Syedraf
Comments
Post a Comment